আৰ্ট চেইন ইণ্ডিয়া

ৰিভিউ চেইন︎


ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন। 


#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক



সংস্কৰণসমূহৰ আকাৰবোৰৰ বিষয়ে সকলো আৰু শিল্পীৰ প্ৰমাণসমূহ



সংস্কৰণ আকাৰ কি ?

আপোনাৰ একেটা কামকে আপুনি কিমানবাৰ পুনৰ সৃষ্টি কৰিব সেয়াই হৈছে এটা কামৰ সংস্কৰণ আকাৰ৷ উদাহৰণস্বৰূপে, ফটোগ্ৰাফীত আপুনি একেখন ছবি কিমানবাৰ প্ৰিন্ট কৰিব সেয়া এটা সংস্কৰণ আকাৰে সেইটোকে বুজায়৷


শিল্পী প্ৰমাণ (এপি) কি ?

শিল্পীৰ প্ৰমাণসমূহ বা এপি হ’ল সেই সংস্কৰণসমূহ যিবোৰ এগৰাকী শিল্পীয়ে বিক্ৰী নকৰাকৈ লগত ৰাখে৷ সেইবোৰ হ’ল কৰ্ম ৰচনাবোৰৰ সংস্কৰণসমূহ যিবোৰ এগৰাকী শিল্পীয়ে পিচত ব্যৱহাৰ কৰিব পাৰে৷

সীমিত সংস্কৰণৰ গণনাত শিল্পীৰ প্ৰমাণ (এপি)-সমূহ অন্তৰ্ভুক্ত নহয় আৰু কেতিয়াবা শিল্পীৰ প্ৰমাণৰ সংখ্যা, যিবোৰ শিল্পীৰ নিজৰ, সেয়া বিশটা বা ততোধিক হ’ব পাৰে। ৰীতি অনুসৰি শিল্পীয়ে এইবোৰ একেবাৰতে বিক্ৰী কৰাৰ কথা নহয়৷


মোৰ কেপচনত থকা সংস্কৰণবোৰত লেবেল লগোৱাৰ সঠিক উপায় কি ?

এইটো হৈছে আপুনি আপোনাৰ কেপচনত ব্যৱহাৰ কৰিব পৰা বিন্যাস যাতে ক্ৰেতাসকলৰ হাতত তেওঁলোকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ তথ্য থাকে :

সংস্কৰণঃ ২/৮ + ১ এপি

ইয়াৰ অৰ্থ হ’ল এই যে কামটোৰ ২টা সংস্কৰণ বিক্ৰী হৈছে, কামটোৰ সংস্কৰণৰ আকাৰ হৈছে ৮টা আৰু শিল্পীগৰাকীয়ে ১টা শিল্পী প্ৰমাণ (আৰ্টিষ্ট প্ৰুফ) লগত ৰাখি থৈছে।


মই প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰ (চাৰ্টিফিকেট অৱ অথেন্টিচিটি)-ত সংস্কৰণৰ আকাৰ উল্লেখ কৰা উচিতনে ?

এৰা, প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰত এগৰাকী ক্ৰেতাক জনোৱা উচিত যে তেখেতে ৰচনাটোৰ কোনটো সংস্কৰণ ক্ৰয় কৰিছিল আৰু কামটোৰ সংস্কৰণৰ আকাৰ কি৷

এইটো এনেদৰে লিখিব পাৰি:

সংস্কৰণ: ৩/৮ + ১ এপি

অৰ্থাৎ ক্ৰেতাই ৮টা সংস্কৰণ থকা এটা কামৰ ৩ নং সংস্কৰণটো ক্ৰয় কৰিছে আৰু শিল্পীগৰাকীয়ে ১টা শিল্পীৰ প্ৰমাণ (এপি) ৰাখিছে।