দ্য ৰিভিউ চেইন


আৰ্ট চেইন ইণ্ডিয়া︎


ভাৰতৰ দৃশ্য শিল্পীসকলৰ বাবে এক গণতান্ত্ৰিক সমনীয়া-সমৰ্থন সম্পদ, সকলো সংবাদ মাধ্যমৰ সৈতে কাম কৰা।


 #ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক


শিল্পী বিবৃতি



এটা শিল্পী বিবৃতি হৈছে আপোনাৰ শিল্প অনুশীলনৰ অতি সামান্যতম সাৰাংশ যিয়ে আপোনাৰ কামৰ বিষয়ে আনসকলক বুজাত সহায় কৰে। আদৰ্শগতভাৱে ই আপোনাৰ বাবে অনুকুল স্থিতি হিচাপে কাম কৰে, আপোনাৰ কাম আৰু অনুশীলনৰ বিষয়ে ব্যক্ত কৰাৰ লগতে সেই অৰ্থত ই আপোনাৰ প্ৰকাশৰ প্ৰসাৰণ।

ই আপোনাৰ পৰিচয় হিচাপে, আপোনাৰ আগ্ৰহ আৰু কৌতুহলসমূহ, আপোনাৰ শিল্পকৰ্ম, আৰু আপুনি কোনটো দিশত আকাংক্ষা ৰাখিছে তাৰ পৰিচয় হিচাপে কাম কৰিব লাগে৷ ই এনে এখন স্থান হ’ব পাৰে য’ত আপুনি আপোনাৰ ধাৰণাগত আগ্ৰহৰ সৈতে মধ্যবৰ্তী আগ্ৰহসমূহক একত্ৰিত কৰে৷

শিল্পীৰ বিবৃতি লিখাৰ কোনো সঠিক উপায় নাই যেতিয়ালৈকে ইয়াত আপোনাৰ কৰ্ম আৰু ব্যক্তিত্ব প্ৰতিফলিত হয় - সেয়া কাব্যিক, নূন্যতম বা দাৰ্শনিক হ’ব পাৰে। আপুনি এটা নিৰ্দিষ্ট কাম, কামৰ গোট বা আপোনাৰ কামৰ অৱয়ৱটো দীৰ্ঘ সময়ৰ ভিতৰত আৱৰিত কৰাত মনোনিৱেশ কৰিবলৈ বাচনি কৰিব পাৰে৷


এই নথিখন এটা পৃষ্ঠাতকৈ অধিক (৫০০ শব্দ) হোৱা আৱশ্যক নহয় আৰু আপুনি আবেদন কৰা সুযোগৰ প্ৰয়োজনীয়তা অনুসৰি সম্পাদনা/খচৰা প্ৰস্তুত কৰিব লাগে। এইখন সৰল লিখিত নথি হ’ব পাৰে।


আপোনাৰ শিল্পীৰ বিবৃত্তি লিখাৰ বাবে কিটিপসমূহ :

  • মাইণ্ড মেপ - যদি আপুনি আৰম্ভ কৰিবলৈ লগতে আপোনাৰ আগ্ৰহসমূহ চিনাক্ত কৰিবলৈ অসুবিধা পাইছে, তেন্তে এখন মাইণ্ড মেপ কৰিবলৈ এটা অনুশীলন সম্পন্ন কৰক৷ আপোনাৰ ধাৰণাগত আগ্ৰহসমূহ, আপোনাৰ আইডিয়াসমূহ, আপুনি কাম কৰা মাধ্যমসমূহ, আপুনি পৰীক্ষা-নিৰীক্ষা কৰা প্ৰক্ৰিয়াসমূহ অথবা কাৰিকৰী দক্ষতাসমূহ - বা আপোনাৰ কামৰ বিষয়ে মনলৈ অহা যিকোনো বিষয় তালিকাভুক্ত কৰক৷ প্ৰক্ৰিয়াটো যথেষ্ট মুক্ত-প্ৰবাহমান আৰু সহজ বোধগম্য কৰি ৰাখক৷ ছেদ বিন্দুবোৰ কি লগতে এই সূচকবোৰক তাৰ পিছত কেনেকৈ থুপ বা চুটি বিবৃতিসমূহলৈ সংগঠিত কৰিব পাৰি চাবলৈ চেষ্টা কৰক৷ আপুনি আপোনাৰ শিল্পীৰ বিবৃতিত অন্তৰ্ভুক্ত কৰিব বিচৰা তথ্যসমূহ মানচিত্ৰণ কৰাৰ বাবে এইটো এটা উত্তম আৰম্ভণি বিন্দু৷

  • আলোচনাসমূহৰ লগতে শব্দ/চিন্তণসমূহ ব্যক্ত কৰা - যদি আপুনি এতিয়াও লিখিবলৈ অসুবিধা পাই আছে, তেন্তে নিজৰ সাক্ষাৎকাৰ লৈ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰক অথবা বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ ওচৰত আপোনাৰ অনুশীলনৰ বিষয়ে ব্যাখ্যা কৰি নিজকে ৰেকৰ্ড কৰক৷ কেতিয়াবা কেতিয়াবা নিজৰ বিষয়ে ক’বলৈ সহজ হয়। ৰেকৰ্ডিংটো শুনি আপুনি বিস্তাৰ কৰিব পৰা মূল বাক্যসমূহ তুলি ধৰিবলৈ চেষ্টা কৰক৷


আপোনাৰ ব্যক্তিগত বক্তব্যত আপোনাৰ ধাৰণা আৰু তথ্যসূত্ৰসমূহ স্পষ্ট কৰি ৰাখক৷ আপুনি কেনেকৈ ক’ব সেইটো লিখিবলৈ চেষ্টা কৰক - আপোনাৰ ব্যক্ত কৰিবলগীয়া মূল বিন্দুসমূহ স্পষ্ট কৰি ডাঙি ধৰাৰ পৰিবৰ্তে পাঠকসকলক বিভ্ৰান্ত কৰিব পৰা শব্দ আৰু জটিল বাক্যসমূহ এৰাই চলক৷ শিল্পীৰ বিবৃতিটো কেৱল আপোনাৰ শিল্প অনুশীলনক সহযোগ কৰিবলৈহে - ই আপোনাৰ কৰ্মৰ ওপৰত থেচিচ হ’ব লাগিব বুলি কোনো বাধ্যতা নাই৷


নিৰ্দিষ্টসূচক হওঁক৷ আপোনাৰ কামৰ বিষয়ে অলপ বিতংভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰাৰ লগতে ইয়াক আনবোৰতকৈ কিহৰ বাবে পৃথক সেয়া বুজি লওঁক৷ আপুনি এইটো আপোনাৰ দ্বাৰা কৰা কামৰ উদাহৰণেৰে বুজাব পাৰে, ইয়াক নূন্যতম কৰি ৰাখি মাত্ৰ ২-৩ টা কামৰ উল্লেখ হোৱাটো নিশ্চিত কৰক৷ যিকোনো ব্যক্তিৰ অনুশীলনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পৰা সাধাৰণ বক্তব্যসমূহ আবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক৷

আপোনাৰ লিখনী সম্পাদনা কৰাটো নিশ্চিত কৰক৷ পুনৰ পৰীক্ষণ কৰাৰ লগতে আপোনাৰ লিখাখিনি কাৰোবাক প্ৰুফৰীড কৰিবলৈ দিয়ক। গ্ৰামাৰলী-ৰ দৰে কেইবাটাও বিনামূলীয়া অনলাইন ব্যাকৰণ সম্পাদনা এপ আছে - সেইবোৰ ব্যৱহাৰ কৰি আপুনি যিখিনি জমা দিবলৈ গৈ আছে সেইখিনিৰ বানান আৰু ব্যাকৰণবোৰ শুধৰণি কৰি ল’ব পাৰে৷

শিল্পীৰ বিবৃতিটো হৈছে সম্পূৰ্ণৰূপে আপোনাৰ বিষয়ে !

কামটোৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু আবেগক ব্যক্তিগত কৰি ৰাখক৷

সুযোগৰ প্ৰকৃতি যিয়েই নহওক কিয়, সকলোবোৰ আবেদনৰ সৈতে প্ৰেৰণা পত্ৰ বা ক’ভাৰিং লেটাৰ + আৰ্টিষ্ট ষ্টেটমেণ্ট (শিল্পী বিবৃতি)-ৰ সংমিশ্ৰণ জমা দিয়াটো সদায় উত্তম৷ ই আপোনাৰ নিজৰ লগতে আপোনাৰ অনুশীলনৰ পৰিচয় হিচাপে কাম কৰে আৰু খালিস্থান পূৰ কৰি মূল্যায়কক চিভি, পৰ্টফলিঅ’ আৰু প্ৰকল্প প্ৰস্তাৱ ধাৰাবাহিকভাৱে পঢ়িবলৈ সহায় কৰে৷ প্ৰায়ভাগ আবেদনে ইয়াৰে অন্ততঃ এটা বিচাৰিব, অৱশ্যে শিল্পীৰ বিবৃতি আৰু ক’ভাৰ লেটাৰ নিবিচাৰিলেওঁ এয়া শ্বেয়াৰ কৰাটো উত্তম৷