দ্য ৰিভিউ চেইন


আৰ্ট চেইন ইণ্ডিয়া︎


ভাৰতৰ দৃশ্য শিল্পীসকলৰ বাবে এক গণতান্ত্ৰিক সমনীয়া-সমৰ্থন সম্পদ, সকলো সংবাদ মাধ্যমৰ সৈতে কাম কৰা।


#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক


কলাত্মক প’ৰ্টফলিঅ’


কলাত্মক পৰ্টফলিঅ’ হৈছে আপোনাৰ কামৰ এক নথিভূক্তিকৰণৰ লগতে ব্যাপ্তি হিচাপে হৈছে এইখনৰ/আপোনাৰ অনুশীলনৰ দৰ্শনযোগ্য উপস্থাপন৷ অতি সঘণে আপোনাক ইমেইল বা ৱেবছাইটৰ লিংকৰ জৰিয়তে এটা ডিজিটেল পৰ্টফলিঅ’ জমা দিবলৈ কোৱা হয়৷ ডিজিটেল মাধ্যমটো নিশ্চিতভাৱে কেতবোৰ শিল্প প্ৰকাৰৰ বাবে আন কেতবোৰতকৈ অধিক উপযুক্ত কিন্তু আমি এনে উপায়সমূহ দিবলৈ চেষ্টা কৰিম বুলি আশা কৰিছো য’ত এইটোৱে কৰ্মক ফলপ্ৰসূভাৱে চিত্ৰিত কৰিব পাৰে৷

আপোনাৰ পৰ্টফলিঅ’ৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত, নথিপত্ৰৰ মানদণ্ড হ’ল বিচাৰ্য্যৰ বিষয়৷

আপোনাৰ প্ৰকল্পসমূহ, বিশেষকৈ পৰিবেশন, কৰ্মশালা, সমজুৱা কলা আদি নথিভুক্তিকৰণৰ সময়ত এই বিষয়ে সচেতন হোৱাটো আৱশ্যক কাৰণ এইবোৰ আপুনি পুনৰায় কৰাৰ সুযোগ নাপাব৷


নথিভূক্তিকৰণৰ আৰ্হিৰ বিষয়ে চিন্তা কৰক - আপোনাৰ কামটো এটা ভিডিঅ’, এটা লুপ কৰা জিআইএফ, ফটোসমূহৰ ক্ৰম, শব্দৰ ক্ৰম আদিৰ দ্বাৰা সৰ্বোত্তমভাৱে যোগাযোগ কৰিব পৰা যাবনে?

ফটো, ভিডিঅ’ আৰু শব্দৰ ক্ষেত্ৰত পোহৰ, ছবিৰ মান, ৰিজ’লিউচন আৰু ফাইল ফৰ্মেটৰ ওপৰত নজৰ ৰাখিব৷

  • ৰংবোৰ ভালদৰে প্ৰকাশিত হৈছে নেকি?
  • পৰ্দাত প্ৰজেক্ট কৰিলে ৰিজ’লিউচনটো স্থায়ী হৈ থাকিবনে?
  • এই ফৰ্মেটটো সাধাৰণ নেকি আৰু সকলোবোৰ অপাৰেটিং চিষ্টেমত (মেক, উইণ্ডোজ, লিনাক্স) খুলিব পাৰি নেকি?
  • ফাইলটোৰ আকাৰ কিমান আৰু ইয়াক সহজে চাব, চলাব আৰু ডাউনলোড কৰিব পাৰিনে?
  • পিডিএফ আৰু এমপি৪ আৰু এমপি৩-বোৰ হৈছে ছবি, ভিডিঅ’ আৰু শব্দৰ কামসমূহ শ্বেয়াৰ কৰিবলৈ সৰ্বোত্তম ফৰ্মেট৷


আপোনাৰ ওচৰত যেতিয়া আপোনাৰ সকলোবোৰ কামৰ নথিভূক্তিকৰণ সম্পূৰ্ণ হয়, ইয়াৰ মাজৰ পৰা এতিয়ালৈকে আপোনাৰ কলাত্মক কেৰিয়াৰক প্ৰতিফলিত কৰা মূল প্ৰকল্প আৰু কৰ্মসমূহ নিৰ্বাচন কৰক - এইবোৰ কেৱল শ্ৰেষ্ঠ কৰ্ম হোৱাই নহয়, লগতে পুনৰাবৃত্তিমূলক বা সময়ৰ সৈতে বিকশিত হোৱা কাম অথবা আপুনি এই কৰ্মসমূহত অতি পৰিশ্ৰমেৰে সৈতে লাগি থকা হ’ব লাগিব৷

কিছুমান প্ৰকল্পত, বিশেষকৈ যিবোৰ প্ৰকল্প সময় আৰু শ্ৰম-প্ৰগাঢ় আছিল, প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰা স্কেচসমূহৰ লগতে অন্যান্য সামগ্ৰীসমূহ শ্বেয়াৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়৷

সামাজিকভাৱে নিয়োজিত শিল্প প্ৰকল্পসমূহ, ৰাজহুৱা শিল্প, পৰিবেশনসমূহ আৰু হস্তক্ষেপসমূহৰ বাবে দৰ্শকসকলৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ লগতে নথিভূক্তিকৰণৰ প্ৰক্ৰিয়াকৰণ কৰা দেখুওৱাটো প্ৰয়োজনীয় (যদিহে সেইটো কামৰ অভিজ্ঞতা, বিষয়বস্তু আৰু/বা ধাৰণাটোৰ এটা অংশ আছিল)৷




আমি অনলাইনত পোৱা অতিৰিক্ত উৎসসমূহৰ কেতবোৰ উপযোগী লিংক ইয়াত দিয়া হ'লঃ

https://creative-capital.org/2013/02/04/a-page-from-our-handbook-part-3-work-samples/

https://canvas.saatchiart.com/art/artist-tips/quick-and-easy-tips-for-photographing-your-artwork