আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰ
প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰ কি ?
প্ৰমাণপত্ৰ হৈছে এখন অনুষ্ঠানিক নথি যিয়ে আপোনাৰ কাম প্ৰকৃত আৰু প্ৰামাণিক বুলি প্ৰমাণ কৰে। ই হৈছে এটা কামৰ উৎস, গুণগত মান প্ৰমাণ কৰাত সহায়ক আহিলা হোৱাৰ লগতে এই কৰ্মটো আপোনাত বাদে আন কাৰো দ্বাৰা তৈয়াৰ কৰা নহয় সেয়া ক্ৰেতাক নিশ্চিত কৰায়৷ আদৰ্শগতভাৱে, বিক্ৰী হওকেই বা নহওক আপুনি নিৰ্মাণ কৰা প্ৰতিটো শিল্পকৰ্মৰ সৈতে ই বিদ্যমান হোৱা আৱশ্যক। এটা বিক্ৰীৰ ক্ষেত্ৰত, সাধাৰণতে ক্ৰেতাক প্ৰদান কৰা প্ৰথম নথিপত্ৰ হৈছে প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰ (বা চিঅ’এ)৷
প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰ কিয় প্ৰয়োজন ?
প্ৰথম আৰু প্ৰধান কথাটো হৈছে, সম্ভাৱ্য ক্ৰেতা বা সংগ্ৰাহকক এখন কায়িক নথিপত্ৰ প্ৰদান কৰিলে লেনদেন প্ৰক্ৰিয়াটো সহজ হৈ পৰে কাৰণ ই ক্ৰেতাক নিশ্চিত কৰায় যে সেই কামটো আপোনাৰ নিজৰ দ্বাৰা সৃষ্ট।
সেই অনুৰূপপ্ৰকাৰে, কাৰণ আমি বাস কৰা ডিজিটেল জগতখনত জালিয়াতি বিদ্যমান হোৱাটো দুৰ্ভাগ্যজনকভাৱে অত্যন্ত সাধাৰণ কথা হোৱাৰ বাবে এই নথিখন নকল প্ৰতিৰোধ কৰাত সহায়ক হয়৷ বৰ্তমান সময়ত আপোনাৰ কাম বিক্ৰী কৰাৰ ক্ষেত্ৰত যিমান পাৰি বিপদৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়, কাৰণ আপুনি আপোনাৰ সময়, ধন, আৰু সৃষ্টিশীলতাক আপোনাৰ এই অনুশীলনত বিনিয়োগ কৰিছে। চিঅ’এ হৈছে বিপদ প্ৰতিৰোধৰ এটা প্ৰকাৰ।
আপোনাৰ আৰু ক্ৰেতাৰ মাজত আপোনাৰ কামৰ সফল আৰু সুষম বিক্ৰী নিশ্চিত কৰি এখন চিঅ’এ-য়ে লগতে বিক্ৰীৰ ৰচিদ হিচাপেও কাম কৰে৷ তাৰোপৰি, যদি আপোনাৰ কামৰ মূল্য সময়ৰ লগে লগে বৃদ্ধি পায়, তেন্তে এখন চিঅ’এ-য়ে আপোনাৰ কামৰ উৎপত্তিস্থল অনুসৰণ কৰা কায়িক নথিপত্ৰ হিচাপে কাম কৰে, সেয়েহে মূল্য বৃদ্ধি হোৱাটো প্ৰমাণিত কৰে৷
আপোনাৰ শিল্পকৰ্মৰ সৈতে আপোনাৰ ক্ৰেতাসকললৈ প্ৰেৰণ কৰিবলৈ এখন প্ৰামাণ্যতাৰ প্ৰমাণপত্ৰৰ বাবে এটা আৰ্হি ইয়াত দিয়া হ’ল:
টেমপ্লেটখন ডাউনলোড কৰিবলৈ তলৰ ছবিখনত ক্লিক কৰক৷