আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
আপোনাৰ কামটো কেনেদৰে পেক আৰু শ্বীপ কৰিব
যেতিয়া আপুনি আপোনাৰ কামটোৰ বাবে পেকেজিং বাচনি কৰে, তেতিয়া আপুনি বিশেষকৈ ভংগুৰ সামগ্ৰীবোৰৰ বাবে নিশ্চিত হ’ব লাগিব যাতে পৰিবহণৰ সময়ত আপোনাৰ কামটো সুৰক্ষিত হৈ থাকে৷ আপুনি ব্যৱহাৰ কৰা আকাৰ আৰু মাধ্যমৰ ওপৰত ভিত্তি কৰি আপোনাৰ কামটো পেক কৰাৰ বাবে সৰ্বোত্তম উপায় বাচনি কৰিব পাৰে৷
২ডি আৰ্টৱৰ্ক পেক কৰাৰ বাবে একাধিক উপায় আছে যেনেঃ
ফ্লেট পেকিং
টিউব পেকিং
ক্ৰেটিং
১. ফ্লেট পেকিং
ফ্লেট পেকিঙত শিল্পকৰ্মবোৰ বাটাৰ কাগজত মেৰিয়াই লোৱা হয়, হাৰ্ডব’ৰ্ডৰ দুটা টুকুৰাৰে সুৰক্ষিত কৰি লৈ বাবল আৱৰণেৰে মেৰিয়াই কাৰ্ডবৰ্ডত পেক কৰা হয়।
এটা দৃঢ় পাত্ৰ বা ক্ৰেট ব্যৱহাৰ কৰা নহয়।
প্ৰয়োজনীয় সামগ্ৰীসমূহ :
- বাটাৰ পেপাৰ / গ্লাচাইন পেপাৰ / এচিড-মুক্ত আৰ্কিভেল টিছু পেপাৰ
- প্লাষ্টিক শ্বীটিং / পলি ৰেপ / গধুৰ প্লাষ্টিকৰ বেগ
- বাবল ৰেপ
- প্লাইউড / অতি কমেও আধা ইঞ্চি ডাঠ ফ’ম ব’ৰ্ড / টু-প্লাই কাৰ্ডব’ৰ্ড / আন যিকোনো কঠিন ব’ৰ্ড
- পেকিং টেপ
- টোপোলাটো মেৰিয়াই ৰাখিবলৈ কাৰ্ডব’ৰ্ড
- কাৰ্ডবোৰ্ড বাকচ (বৈকল্পিক)
২. টিউব পেকিং
এই ধৰণৰ পেকেজিং ব্যৱহৃত হয় যেতিয়া শিল্পকৰ্মটো পাইপত সাৱধানেৰে সৈতে মেৰিয়াই লোৱা হয়
আৰু ইয়াক বন্ধ কৰিবলৈ দুয়ো মূৰত টুপি থকা মেইলিং টিউবত সুমুৱাই দিয়া হয়।
অথবা
কামটো বাটাৰ পেপাৰেৰে আৱৰিত কৰি দুয়োটা মুৰত টুপি থকা মেইলিং টিউবত সাৱধানেৰে মেৰিয়াই বন্ধ কৰি লোৱা হয়।
প্ৰয়োজনীয় সামগ্ৰীসমূহ:
বাটাৰ পেপাৰ / গ্লাচাইন পেপাৰ / এচিড-মুক্ত আৰ্কিভেল টিছু পেপাৰ
- বাবল ৰেপ
- পেকিং টেপ
- প্লাষ্টিকৰ প্ৰান্ত কেপবোৰৰ সৈতে মেইলিং টিউব (আপোনাৰ কেনভাছ / আৰ্টৱৰ্কৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি)।
-
ভিতৰৰ সমৰ্থনৰ বাবে সৰু ব্যাসৰ দ্বিতীয়টো টিউব (আপুনি এই টিউবৰ চাৰিওফালে আপোনাৰ কলাকৰ্ম মেৰিয়াই ডাঙৰ টিউবটোত ভিতৰত সুমুৱাব।) (বৈকল্পিক – এয়া উপযোগী হয় যদিহে শিল্পকৰ্মটো এ৩ আকাৰতকৈ ডাঙৰ হয়)
৩. ক্ৰেটিং
ক্ৰেটিং হ’ল যেতিয়া কোনো শিল্পকৰ্মক কামৰ বাবে নিজৰ ইচ্ছানুযায়ী বনোৱা পাত্ৰত পেক কৰা হয়।
টোকা: ফ্ৰেমযুক্ত কাম পেকিঙৰ বাবে ক্ৰেটিং ব্যৱহাৰ কৰিব পাৰি।
প্ৰয়োজনীয় সামগ্ৰীসমূহ:
- বাটাৰ পেপাৰ / গ্লাচাইন পেপাৰ / এচিডমুক্ত আৰ্কিভেল টিছু পেপাৰ
-
প্লাষ্টিক শ্বীটিং / পলি ৰেপ / গধুৰ প্লাষ্টিকৰ বেগ
-
বাবল ৰেপ
-
অতি কমেও আধা ইঞ্চি ডাঠ ফ’ম বৰ্ড / টু-প্লাই কাৰ্ডব’ৰ্ড
-
পেকিং টেপ
-
পেকেজটো মেৰিয়াবলৈ কাৰ্ডব’ৰ্ড
-
পেইণ্টাৰৰ টেপ (যদি কাঁচৰ ফ্ৰেম পেক কৰা হয়)
-
টুকুৰা টুকুৰ কৰা বা পূৰ্ণ কৰি ভৰাই ৰখা বগা কাগজ
- ফ্ৰেমযুক্ত আৰ্টৱৰ্ক সৰু হ’লে অতি মজবুত কাৰ্ডব’ৰ্ডৰ বাকচ / ফ্ৰেমযুক্ত আৰ্টৱৰ্কটো ডাঙৰ হ'লে নিজে হিচাব কৰি বনোৱা কাঠৰ ক্ৰেট
কৰিবলগীয়াবোৰ
শিল্পকৰ্মক আৰ্দ্ৰতাৰ পৰা ৰক্ষা কৰক (সেয়েহে টোপোলাটো ঢাকিবলৈ প্লাষ্টিকৰ চাদৰ ব্যৱহাৰ কৰিব, আপুনি টোপোলাটোৰ সেই স্থানবোৰ বন্ধ কৰিবলৈ টেপ ব্যৱহাৰ কৰিব পাৰে যিবোৰ স্থানেৰে পানী প্ৰৱেশ কৰিব পাৰে বুলি আপুনি ভাবে)।
আপুনি আৰ্টৱৰ্কটো সুৰক্ষিত কৰি ৰখা ব’ৰ্ড / বাকচটো আৰ্টৱৰ্কটোতকৈ কমেও ২-৩ ইঞ্চি ডাঙৰ হোৱাটো নিশ্চিত কৰক (বাটাৰ পেপাৰেৰে মেৰিয়াই থোৱা - আৰ্টৱৰ্কটো ব’ৰ্ড/বক্সটোৰ মাজত টেপ লগাই সুৰক্ষিত কৰিবলৈ - ব’ৰ্ড/বাকচটোৰ সোমাজত টেপ লগাই ৰাখিব পাৰে)
পেকেজটো বাবল ৰেপত সুৰক্ষিত কৰাটো নিশ্চিত কৰি ভালদৰে টেপ লগাই ৰাখক৷
শ্বিপিং লেবেলটো পেকেজত লগাই দিয়ক আৰু এইটো (সম্পূৰ্ণভাৱে) ক্লিয়াৰ টেপেৰে ঢাকি ৰাখক যাতে শ্বিপিঙৰ সময়ত ওলাই নাযায় (শ্বিপিং লেবেলত ১. ক্ৰেতাৰ নাম; ২. তেখেতসকলৰ ঠিকনা আৰু ৩. তেখেতসকলৰ যোগাযোগ নম্বৰ থাকিব লাগে যাতে আৱশ্যক অনুসৰি ক’ৰিয়াৰ সেৱাৰ দ্বাৰা ক্ৰেতাগৰাকীক যোগাযোগ কৰিব পৰা যায়)।
যদি আপুনি ফ্ৰেমযুক্ত আৰ্টৱৰ্ক পঠিয়াইছে, তেনেহ’লে কাঁচখন তাৰকা আৰ্হিত টেপ কৰিবলৈ আৰ্টিষ্ট টেপ / মাস্কিং টেপ (এটা বহল) ব্যৱহাৰ কৰক (তেনেদৰে, যদি ই পৰিবহনৰ সময়ত ভাঙি যায় তেন্তে ই আপোনাৰ আৰ্টৱৰ্কক কোনো ক্ষতি নকৰে)।
কৰিবনলগীয়া
আৰ্টৱৰ্কৰ ওপৰত টেপ নলগাব (আগফাল বা পিছফালে) (আৰ্টৱৰ্কটো সদায় বাটাৰ পেপাৰেৰে মেৰিয়াই লওক, যাতে আপুনি পেকেজ প্ৰস্তুত কৰাৰ সময়ত আৰ্টৱৰ্কৰ অৱস্থান স্থিৰ কৰাৰ লগতে সুৰক্ষিত কৰিবলৈ বাবল ৰেপবোৰ টেপ কৰি লগাই ল’ব পাৰে)।
যদি আপুনি আপোনাৰ শিল্পকৰ্মটো পকাই আছে তেন্তে নিশ্চিত হওক যাতে আপুনি ইয়াক বাটাৰ পেপাৰৰ সৈতে মেৰিয়ায় লগতে ইয়াক বেছি টানকৈ মেৰিয়াই নিদিব।
উৎসসমূহ
https://support.saatchiart.com/hc/en-us/articles/205288937-How-do-I-package-a-painting-
https://www.artandwriting.org/wp-content/uploads/2019/02/2019-Shipping-Packing-Instructions.pdf
https://reddotblog.com/how-to-ship-paintings-a-step-by-step-guide-for-artists-and-galleries/
https://adcfineart.com/blogs/news/how-to-pack-paintings-for-shipping