আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
এফএকিউ-সমূহ
- মই কেনেদৰে অংশগ্ৰহণ কৰিম ?
- ইয়াৰ বাবে মই চলি থকা কাম ৰাখিব পাৰিমনে ?
- আৰ্ট চেইন ইনষ্টাগ্ৰাম পেজ-য়ে কামৰ বিক্ৰী চোৱাচিতা কৰে নেকি ?
- মই পোষ্ট কৰাৰ সময়ত হেচটেগ কিয় দিব লাগে ?
- কেনেদৰে মই কাৰোবাক তেওঁলোকে বিচৰা কাম এটাৰ বাবে ধন পৰিশোধ কৰিবলৈ বিনয়েৰে সোঁৱৰাই দিম ?
- এটা কাম বিক্ৰী হোৱাৰ পিচত মই কি কৰিব লাগিব ?
- আমি কি কি নথিপত্ৰ চোৱাচিতা কৰি ৰাখোঁ ?
- পাঁচটা শিল্পকৰ্ম বিক্ৰী কৰি আপুনি সহশিল্পীৰ পৰা কোনো কাম কিনিছে নেকি আমি পৰীক্ষা কৰোঁনে ?
- মই শিল্পী নহয়, তথাপি কাৰোবাৰ কাম কিনিব পাৰিমনে ?
- সংস্কৰণসমূহৰ বিষয়ে কেনেদৰে লিখিব? মোৰ ওচৰত যদি মাত্ৰ এটা সংস্কৰণ থাকে তেন্তে কি হ’ব ?
- সংস্কৰণসমূহৰ বিষয়ে কেনেদৰে লিখিব? মোৰ ওচৰত যদি মাত্ৰ এটা সংস্কৰণ থাকে তেন্তে কি হ’ব ?
মই কেনেদৰে অংশগ্ৰহণ কৰিম ?
এগৰাকী শিল্প প্ৰশংসক হিচাপে - এটা কাম কিনি শিল্পীসকলক সহায় কৰক, আপুনি ইনষ্টাগ্ৰামত #ArtChainIndia আৰু #SupportArtChainIndia টেগ অনুসৰণ কৰি কি কি কৰ্ম বিক্ৰীৰ বাবে আছে চাব পাৰে।
এগৰাকী শিল্পী হিচাপে - তলত দিয়া ধৰণে ইয়াৰ কেপচন লিখি আপুনি বিক্ৰী কৰিবলৈ ইচ্ছুক কাম এটা ৰাখকঃ
🔗
শিৰোনামা:
মাধ্যম:
আয়তন (চে.মি. বা ইঞ্চিত):
মূল্য (টকাত):
এই কামটো ক্ৰয় কৰিবলৈ আগ্ৰহী হ’লে অনুগ্ৰহ কৰি মোক ডিএম কৰক অথবা মোক ইমেইল কৰক (আপোনাৰ ইমেইলৰ ঠিকনা সন্নিবিষ্ট কৰক)।
এই কাম #artchainindia-ৰ এটা অংশ
মই মোৰ কাম #artchainindia ত শ্বেয়াৰ কৰিম আৰু যেতিয়া মই ৫০,০০০/- টকা পাম, তেতিয়া মই বৰ্তমানৰ শিল্পকৰ্মবোৰৰ ভিতৰত এটা হেচটেগটোৰ অধীনত ক্ৰয় কৰিম, সহযোগী শিল্পীসকলক সহায় কৰিবলৈ।
ইয়াৰ বাবে মই চলি থকা কাম এটা ৰাখিব পাৰিমনে ?
যেতিয়া আপুনি কোনো কাম পোষ্ট কৰে আৰু আমাৰ হেচটেগটোৰে টেগ কৰে, তেতিয়া এগৰাকী ক্ৰেতাই তৎক্ষণাৎ ধৰি ল’ব যে কামটো বিক্ৰীৰ বাবে উপলব্ধ হৈ আছে। সেয়েহে সম্পূৰ্ণ হোৱা কামবোৰহে শ্বেয়াৰ কৰিব।
আৰ্ট চেইন ইনষ্টাগ্ৰাম পেজ-য়ে কামৰ বিক্ৰী চোৱাচিতা কৰে নেকি ?
নকৰে, প্ৰতিগৰাকী শিল্পীয়ে তেওঁলোকৰ নিজৰ নিজৰ কামৰ বিষয়ে পোষ্ট কৰিব আৰু তেওঁলোকৰ কামৰ বিষয়ে সোধা ক্ৰেতাসকলক পোনপটীয়াকৈ বিক্ৰী কৰিব। এই লেনদেন সদায় পোনপটীয়াকৈ শিল্পী আৰু ক্ৰেতাৰ মাজত হ’ব।
যদি আপুনি এগৰাকী ক্ৰেতা, তেন্তে বিক্ৰীৰ বাবে উপলব্ধ কৰ্মসমূহ চাবলৈ #ArtChainIndia-ত পদাৰ্পণ কৰক৷
মই পোষ্ট কৰাৰ সময়ত হেচটেগ কিয় দিব লাগে ?
এই অভিযানটো টেগ কৰাটো নিশ্চিত কৰক, যাতে যেতিয়া কোনো এগৰাকী ক্ৰেতাই শিল্পকৰ্ম ক্ৰয় কৰিবলৈ বিচাৰিব, যাতে তেতিয়া তেওঁলোকে #ArtChainIndia হেচটেগ থকা পেজত এইটো বিচাৰি পায়৷
কেনেদৰে মই কাৰোবাক তেওঁলোকে বিচৰা কাম এটাৰ বাবে ধন পৰিশোধ কৰিবলৈ বিনয়েৰে সোঁৱৰাই দিম ?
পৰিশোধৰ সবিশেষ শ্বেয়াৰ কৰাৰ পিছত ২৪ ঘণ্টা অপেক্ষা কৰক, তাৰ পিছত তেওঁলোকলৈ মেছেজ পঠিয়াওঁক আৰু তেওঁলোকক কওক যে তেওঁলোকে পচন্দ কৰা কামটো তেওঁলোকৰ বাবে “হ’ল্ড” হৈ আছে আৰু সেইটো তেওঁলোকক প্ৰয়োজন বুলি নিশ্চিত কৰি লোৱাৰ লগতে ইয়াৰ বাবে পৰিশোধ কৰিব পাৰে, নহ’লে আপুনি এইটো পৰৱৰ্তী আগ্ৰহী ক্ৰেতাগৰাকীলৈ এৰি দিব৷
এটা কলাকৰ্ম বিক্ৰী হোৱাৰ পিচত মই কি কৰিব লাগিব ?
প্ৰথমতে, কেপচনটো সলনি কৰি “চ’ল্ড” শব্দটো অন্তৰ্ভুক্ত কৰক যাতে ক্ৰেতাসকলে যেতিয়া #ArtChainIndia-ত কিবা বিচাৰে তেতিয়া তেখেতসকলে বৰ্তমান কি উপলব্ধ হৈ আছে সেয়া গম পায়। তাৰ পিচত নিশ্চিত কৰক যে আপুনি ৫০,০০০/- টকা সংগ্ৰহ কৰাৰ পিচত আপোনাৰ উপাৰ্জনৰ ২০% ব্যৱহাৰ কৰি #ArtChainIndia-ত উপলব্ধ আন এগৰাকী শিল্পীৰ কলাকৰ্মৰ বাবে ব্যয় কৰিছে৷
আমি কি কি নথিপত্ৰ চোৱাচিতা কৰি ৰাখোঁ ?
একো নাই, এইটো এটা গণতান্ত্ৰিক সত্তা, আমি কেৱল আপোনাক সহায় কৰিবলৈহে ইয়াত আছো।
পাঁচটা শিল্পকৰ্ম বিক্ৰী কৰি আপুনি সহশিল্পীৰ পৰা কোনো কাম কিনিছে নেকি আমি পৰীক্ষা কৰোঁনে ?
নকৰো, এই উদ্যমটো আমাৰ শিল্পী সমাজৰ উদাৰতা আৰু সততাৰ ওপৰত নিৰ্ভৰশীল।
মই শিল্পী নহয়, তথাপি কাৰোবাৰ কাম কিনিব পাৰিমনে ?
এৰা, যিকোনো ব্যক্তিয়েই এগৰাকী শিল্পীৰ শিল্পকৰ্ম কিনিব পাৰে, আমি সকলোকে ক্ৰেতা হিচাপে অংশগ্ৰহণ কৰিবলৈ, তথ্যসমূহ শ্বেয়াৰ কৰিবলৈ, ইয়াৰ বিষয়ে পোষ্ট কৰিবলৈ আৰু নতুন আপডেটসমূহৰ বাবে #ArtChainIndia হেচটেগ অনুসৰণ কৰিবলৈ উদগণি জনাওঁ৷
সংস্কৰণসমূহৰ বিষয়ে কেনেদৰে লিখিব ? মোৰ ওচৰত যদি মাত্ৰ এটা সংস্কৰণ থাকে তেন্তে কি হ’ব ?
শিল্পকৰ্মটোৰ মাত্ৰ এটা সংস্কৰণ থাকিলে “ইউনিক” লগাই ৰাখক।
যদি আপুনি মুদ্ৰণ কৰে বা এগৰাকী ফটোগ্ৰাফাৰ, তেন্তে আপুনি কামটোৰ সংস্কৰণৰ আকাৰ বাছি ল’ব পাৰে আৰু এবাৰ বিক্ৰী হ’লে আপুনি ক’ব পাৰে চ’ল্ড (১ প্ৰিন্ট, xx উপলব্ধ)।
এগৰাকী ক্ৰেতাই ক’লে যে তেওঁলোকে কামটোৰ প্ৰতি আগ্ৰহী কিন্তু এতিয়াও এইটো ক্ৰয় কৰা নাই। মই কি কৰিব লাগিব ?
অনুগ্ৰহ কৰি আপোনাৰ শিল্পকৰ্মটো কোনো এগৰাকী ক্ৰেতাই ক্ৰয় কৰিব বিচাৰে বুলি কোৱালৈ অপেক্ষা কৰক। আমি জানো যে আপোনালোক সকলোৱে এনেকুৱা অতুলনীয় কামবোৰ ৰাখিছে যিবোৰ বহুতোৱে ক্ৰয় কৰিবলৈ আগ্ৰহী হ’ব। কিন্তু যেতিয়া কোনোবাই এটা শিল্পকৰ্ম ক্ৰয় কৰিব বিচাৰিছে বুলি কয় আপুনি তেওঁলোকৰ চহৰ আৰু পিনকোড সুধিব পাৰে, ক’ৰিয়াৰৰ ব্যক্তিগৰাকীৰ সৈতে ইয়াৰ পৰিবহন ব্যয় কিমান হ’ব সেই বিষয়ে কথা পাতি এই বিষয়ে ক্ৰেতাগৰাকীক জনাব পাৰে। তেওঁলোকে মূল্যৰ ওপৰত একমত হোৱাৰ পিচত তেওঁলোকক আপোনাৰ বেংকৰ তথ্য বা গুগল পে পঠাই ১৪ ঘণ্টা অপেক্ষা কৰক। সেই সময়চোৱাত এইগৰাকী ক্ৰেতাৰ বাবে এতিয়া শিল্পকৰ্মটো স্থগিত ৰখা হৈছে। যদি সেই সময়চোৱাৰ ভিতৰত তেওঁলোকে ধনৰাশি পৰিশোধ কৰে, তেন্তে সেয়া উত্তম !
যদি নকৰে, তেন্তে অনুগ্ৰহ কৰি তেওঁলোকক যোগাযোগ কৰি সোধক যে তেওঁলোকে ক্ৰয় কৰিব নেকি, নহ’লে শিল্পকৰ্মটোৰ হোল্ড আতৰাই দিয়া হ’ব আৰু পৰৱৰ্তী ক্ৰেতাগৰাকীৰ বাবে উপলব্ধ হৈ পৰিব।