দ্য ৰিভিউ চেইন


আৰ্ট চেইন ইণ্ডিয়া︎


ভাৰতৰ দৃশ্য শিল্পীসকলৰ বাবে এক গণতান্ত্ৰিক সমনীয়া-সমৰ্থন সম্পদ, সকলো সংবাদ মাধ্যমৰ সৈতে কাম কৰা।



#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক


সুযোগসমূহৰ বাবে আবেদন : আৰম্ভণি



আজিকালি, কলা অনুশীলনৰ বাবে পূৰ্বৰ তুলনাত যথেষ্ট সুযোগ আৰু বাট মুকলি হৈছে। ইমান বিলাক সুযোগসমূহৰ ভিতৰত আপুনি কোনটোত নিজৰ শক্তিক কেন্দ্ৰীভূত কৰিব খোজে সেয়া সিদ্ধান্ত লওঁতে কেতিয়াবা আপুনি অভিভূত হৈ পৰিব পাৰে।


 আপোনাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত সহায় কৰিব পৰাকৈ কেইটামান পৰামৰ্শ ইয়াত দিয়া হ'ল:



নিজকে সোধক, “এতিয়া মই মোৰ অনুশীলনৰ কোনখিনিত আছো ?”

  • আপোনাক অনুপ্ৰেৰণা জগোৱাৰ বাবে মতামত আৰু উদ্দীপনা অথবা পুনঃপ্ৰকাশৰ বাবে নিস্তব্ধ একাকীত্বৰ প্ৰয়োজন নেকি ?
  • আপোনাৰ ওচৰত ইতিমধ্যে বিদ্যমান হোৱা এটা বিকশিত ধাৰণা আছেনে লগতে এইটো ফলৱতী হোৱা চাবলৈ ধনৰ প্ৰয়োজন আছেনে ?
  • আপুনি আপোনাৰ গৱেষণা পৰ্যায়ত আছে নেকি আৰু এইটো পৰিচালনা কৰিবলৈ সহায়ৰ প্ৰয়োজন হৈছে নেকি ?
  • এই সুযোগটোৰ যোগ্যতাৰ মাপকাঠী কি আৰু আপুনি সেইটো পূৰণ কৰে নেকি ?
  • সময়সীমা কি আৰু তালিকাভুক্ত প্ৰয়োগ সামগ্ৰীসমূহ সময়মতে সাজু হ’ব নেকি 
  • এই সুযোগটোৰ বাবে বিষয়ভিত্তিক লক্ষ্য বা অন্যান্য মাপকাঠীসমূহ পূৰণ কৰিবলৈ আপুনি আপোনাৰ প্ৰকল্প বা ধাৰণাটোৰ কিমানখিনি আপোচ বা পৰিৱৰ্তন কৰিছে ?

আপুনি এবাৰ এইটো সম্পূৰ্ণ কৰি তোলাৰ পিচত, মনত ৰাখিবলগীয়া কেতবোৰ বাস্তৱ নিৰ্দেশনা ইয়াত দিয়া হ’ল:

আপোনাৰ আবেদনৰ বিষয়বস্তুসমূহে আপোনাৰ লগতে আপোনাৰ অনুশীলনৰ বিষয়ে সম্পূৰ্ণ কাহিনী ক’বলৈ সক্ষম হ’ব লাগিব৷ আপোনাৰ আবেদনখনৰ জৰিয়তে পুঁজিদাতাসকলে আপোনাৰ প্ৰকল্প, ইয়াৰ সামগ্ৰী আৰু আৰ্থিক প্ৰয়োজনীয়তা, সময়সীমা, প্ৰদানযোগ্যতা, আপোনাৰ কলাত্মক যাত্ৰা আৰু প্ৰকল্পটোৰ বাবে আপোনাৰ প্ৰেৰণা স্পষ্টভাৱে নিৰ্ণয় কৰিবলৈ সক্ষম হোৱাটো বিচাৰে।

১. আবেদন কৰাৰ আগতে গৃহকাৰ্য অনুশীলনৰ কাম সম্পন্ন কৰক।

আবেদনখন সাজু কৰিবলৈ আৰম্ভ কৰাৰ আগতে আবেদনখনৰ নিৰ্দেশনাসমূহ বিতংভাৱে পঢ়ি লওঁক। সুযোগটোৰ বিষয়ে অকল ফেচবুক বা ইনষ্টাগ্ৰাম পোষ্টত থকা তথ্য পঢ়িয়েই নিশ্চিত নহ’ব – ৱেবছাইটটোত পদাৰ্পণ কৰি সকলোবোৰ তথ্য জুকিয়াই লওঁক। সুযোগসমূহে সাধাৰণতে আপুনি কি কি জমা দিব লাগিব সেই বিষয়ে সঠিককৈ তালিকাভুক্ত কৰি ৰাখে৷ এফএকিউ-ৰ লগতে সকলোবোৰ তথ্য ভালদৰে অনুসৰণ কৰি চাই লওঁক।
যদি আপুনি এতিয়াও স্পষ্টকৈ বুজিব পৰা নাই তেনেহ’লে আপোনাৰ সন্দেহ আতৰ কৰিবলৈ সংস্থাটোলৈ পত্ৰ লিখক।


২. সংস্থাটো জানি লওঁক।

প্ৰতিটো সংস্থাৰ পুঁজি যোগান ধৰা বিশেষ ধৰণৰ মিছন ষ্টেটমেণ্ট (উদ্দেশ্য বিবৃতি) বা কামৰ ক্ষেত্ৰ থাকিব৷ আবেদন কৰাৰ আগতে তেওঁলোকৰ আগ্ৰহ আৰু কামৰ ক্ষেত্ৰসমূহ কি কি সেয়া বুজি পোৱাটো নিশ্চিত হৈ লওঁক৷
তেওঁলোকৰ পূৰ্বৰ প্ৰকল্পবোৰৰ লগতে তেওঁলোকে সহযোগ কৰা অন্যান্য কাৰ্যসূচীসমূহৰ ওপৰত এবাৰ চকু ফুৰাই লওঁক৷
যদি আপুনি অতি প্ৰত্যাহ্বানমূলক অথবা অভিলাষী অনুদানৰ বাবে আবেদন কৰিছে, তেন্তে প্ৰদানকাৰীসকলৰ সৈতে অতীতৰ সফল অনুদানবোৰৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰক৷ আপুনি সংযোগ স্থাপন কৰিবলৈ হয়তো সংস্থাটোৰ সৈতে নিজেই যোগাযোগ কৰিব পাৰে, নহ’লে অনুদান প্ৰদানকাৰীসকলে নিজেই যোগাযোগ কৰাটো চেষ্টা কৰিব পাৰে৷


৩. আবেদনখন বিতংভাৱে আৰু আগতীয়াকৈ অধ্যয়ন কৰক৷

আপুনি আপোনাৰ আবেদনখন দাখিল কৰিবলগীয়া ফৰ্মেট (বিন্যাস)-টো অধ্যয়ন কৰি লোৱাটো অতি আৱশ্যক, অনলাইন প্ৰ-পত্ৰৰ ক্ষেত্ৰত শেষ মুহূৰ্তৰ কাৰিকৰী সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ আবেদনখন বহু আগতিয়াকৈ পৰীক্ষা/ডাউনলোড কৰাটো নিশ্চিত কৰক।
আপোনাৰ চিভি, ৰিজিউম, আৰ্টিষ্ট ষ্টেটমেন্ট (শিল্পী বিবৃতি) আৰু পৰ্টফলিঅ’ৰ বাবে পৃথক নথিপত্ৰসমূহ তৈয়াৰ কৰক৷ কেতবোৰ ক্ষেত্ৰত আপুনি এটা প্ৰকল্প প্ৰস্তাৱ আৰু বাজেট লিখিব লগা হোৱাৰ লগতে আপোনাক অনুমোদন পত্ৰসমূহৰো প্ৰয়োজন হ’ব পাৰে, বিশেষকৈ যদিহে অনুদান আৰু প্ৰতিযোগিতাসমূহৰ বাবে আবেদন কৰে৷
কিছুমানে অকল এটা পিডিএফতেই সকলোবোৰ তথ্য বিচাৰিব পাৰে, তেনে ক্ষেত্ৰত তেওঁলোকে অনুৰোধ কৰা অনুসৰি একাদিক্ৰমে সকলো প্ৰয়োজনীয় তথ্য অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰি লওঁক৷


৪. আপোনাৰ সকলোবোৰ ফাইল লেবেল কৰক।

আপোনাৰ আবেদনৰ উপস্থাপন নিৰ্ভূল হোৱাটো আৱশ্যক৷ আপোনাৰ সকলোসমূহ ফাইল সুযোগটোৰ নাম (আপুনি কিহৰ বাবে আবেদন কৰিছে)_প্ৰথমনাম শেষনাম_ফাইলনাম (চিভি, ৰিজিউম, শিল্পী বিবৃতি, পোৰ্টফলিঅ’ আদি)_বছৰ_(যেনে ডাচ্চআৰ্টৰেচিডেন্সী_ জনড’_পোৰ্টফলিঅ’_২০২০)-ৰ সৈতে লেবেল কৰি লওঁক। ইয়াৰ ফলত বহুকেইগৰাকী আবেদনকাৰীৰ পৰা তথ্য ডাউনলোড কৰাৰ পিচত আবেদন পৰ্যালোচকসকলে আপোনাৰ ফাইলসমূহ সংগঠিত কৰাটো সহজ হৈ পৰে৷ 


৫. মতামত প্ৰাপ্ত কৰক !

আপুনি আপোনাৰ ভৰসাৰ বন্ধু, সহযোগী অথবা গুৰুৰ পৰা মতামত লোৱাটো ভাল৷ আপোনাৰ লগতে আপোনাৰ কৰ্মৰ বিষয়ে অৱগত হৈ, তেওঁলোকে আপোনাৰ আবেদনখনে আপোনাৰ অনুশীলনটোক ফলপ্ৰসূভাৱে প্ৰকাশিত কৰাত সফল হৈছেনে ক’ব পৰাৰ লগতে আপোনাৰ ধাৰণাটোক সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰিবলৈ আপোনাৰ লিখনীখিনৰ কোনখিনি অংশ পুনৰ সম্পাদনা আৰু পৰিশোধন কৰিবলগীয়া আছে চিনাক্ত কৰি ক’ব পাৰিব।
অধিক সংখ্যক ব্যক্তিৰ পৰা মতামত নিবিচাৰিব কাৰণ ইয়ে আপোনাক বিভ্ৰান্ত কৰি তুলিব পাৰে, বিশেষকৈ যদিহে আপুনি পৰস্পৰ বিৰোধী পৰামৰ্শ লাভ কৰে৷


৬. জমা দিয়াৰ সময় অন্ত পৰাৰ আগতেই আপোনাৰ আবেদনখন জমা দিয়ক৷

এবাৰ আপোনাৰ পুনৰকৈ সজোৱা আবেদনখনৰ সৈতে আপুনি সাজু হোৱাৰ পিচত শেষবাৰৰ বাবে বানান আৰু ব্যাকৰণ পৰীক্ষা কৰক (যদি আপোনাৰ কোনো বন্ধু এই ক্ষেত্ৰত ভাল, তেন্তে তেওঁলোকক সাঙুৰি লওঁক) আৰু আবেদন গ্ৰহণ বন্ধ হোৱাৰ সময়ৰ আগতেই জমা দিয়ক৷
ইয়ে আপোনাক শেষ মুহূৰ্তত হোৱা কাৰিকৰী বা ভুমূকি মাৰিব পৰা অন্যান্য সমস্যাসমূহ সমাধান কৰিবলৈ এটা সুযোগ প্ৰদান কৰিব৷ যদি আপুনি ইমেইলৰ জৰিয়তে আবেদনখন শ্বেয়াৰ কৰিছে, তেন্তে সংস্থাটোৰ পৰা এটা নিশ্চিতকৰণ ইমেইলৰ বাবে অনুৰোধ কৰাটো উচিত হ’ব যাতে তেওঁলোকে আপোনাৰ সম্পূৰ্ণ কৰা এপ্লিকেচনখন লাভ কৰা কথাটো আপুনি গম পায়৷
যদি আপুনি অনলাইন আবেদন জমা দিছে, তেন্তে আপুনি নিজৰ বাবে এটা নকল সংৰক্ষিত কৰি ৰখাটো নিশ্চিত কৰক - বেছিভাগ প’ৰ্টেলে সেয়া বিকল্প হিচাপে আগবঢ়ায়, যদি আপুনি সেইটো কেনেকৈ কৰিব ধৰিব পৰা নাই, তেনেহ’লে আপুনি সদায় এটা স্ক্ৰীণ শ্বট ৰাখিব পাৰে ! 


৭. আপুনি চাবমিট টিপাৰ পিচত৷

আৰাম কৰক, বিৰতি লওক - আপোনাৰ কৰণীয়খিনি সম্পন্ন হ’ল !
আপুনি গ্ৰহণযোগ্য হোৱাটো লাভ কৰিব লাগে নেকি, সেয়া ভাল কথা, অধিক কাম সম্পন্ন কৰিবলগীয়া থাকিব! যদি এয়া প্ৰত্যাখ্যান হয়, তেন্তে সকলোবোৰ আশা হেৰুৱাই নেপেলোৱাটো আৱশ্যক - হয়তো এই সুযোগটো আপোনাৰ বাবে সুন্দৰভাৱে খাপ খোৱা ধৰণৰ নাছিল৷ দুয়োটা ক্ষেত্ৰতে আৰু অধিক কাম সম্পন্ন কৰিবলগীয়া আছে৷
আবেদনখন কেনেদৰে উন্নীত কৰিব পৰা যায় সেই উপায়সমূহৰ বিষয়ে মতামত বিচাৰি অনুৰোধ কৰিবলৈ শিল্পীসকলৰ বাবে সুযোগসমূহ প্ৰদান কৰা কেতবোৰ স্থান এতিয়াও মুকলি হৈ আছে। মনত ৰাখিব যে বৰ্তমান শিল্পীসকলৰ বাবে অসংখ্য সুযোগ আৰু উপায় উপলব্ধ হৈ আছে য’ত আপুনি আপোনাৰ বাবে যোগ্য কৰ্ম বিচাৰি পাবলৈ সক্ষম হ’ব, কেবল চেষ্টা এৰি নিদিব !
অতি সোনকালে আমিওঁ ভাৰতৰ শিল্পীসকলৰ বাবে সুযোগসমূহৰ এখন বৃহৎ তালিকা একত্ৰিত কৰিম, সেইখনৰ প্ৰতি নজৰ ৰাখিব৷



বেছিভাগ সুযোগে কি কি আবেদন সামগ্ৰীসমূহ বিচাৰে?

বেছিভাগ আবেদনে আপোনাৰ পৰা বিচাৰিব