আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
আৰ্ট চেইন ইণ্ডিয়া
ৰিভিউ চেইন︎
ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
নিৰ্দেশনাসমূহ
#ARTCHAINIINDIA-ত বিক্ৰী কাৰ্য
পৰ্যায় ১
ফেচবুক বা ইনষ্টাগ্ৰামত আপুনি বিক্ৰী কৰিব বিচৰা আপোনাৰ কামটোৰ এখন ছবি পোষ্ট কৰক, পোষ্টটোত @ArtChainIndia টেগ কৰক, তাৰ পিছত 🔗 ইম’জি-ৰে আৰম্ভ হোৱা কেপচনটোৰ পিছত কামটোৰ সবিশেষ, এগৰাকী ক্ৰেতাই আপোনাৰ ওচৰত কেনেদৰে উপস্থিত হ’ব পাৰে সেই বিষয়েও উল্লেখ কৰিব। ইয়াত এটা উদাহৰণ দিয়া হ’লঃ
🔗
শিৰোনামা :
মাধ্যম :
আয়তন (চে.মি. বা ইঞ্চিত)-
মূল্য (টকাত)-
সংস্কৰণ :
এই কামটো ক্ৰয় কৰিবলৈ আগ্ৰহী হ'লে অনুগ্ৰহ কৰি মোক ডিএম কৰক অথবা মোক ইমেইল কৰক (আপোনাৰ ইমেইলৰ ঠিকনা সন্নিবিষ্ট কৰক)।
এই কাম #artchainindia-ৰ এটা অংশ
মই মোৰ দ্বাৰা তৈয়াৰ কৰা কাম শ্বেয়াৰ কৰাৰ লগতদে প্ৰতিবাৰেই মই ৫০,০০০/- টকাত উপনীত হোৱাৰ পিছত #artchainindia হেচটেগৰ অধীনত বিদ্যমান এগৰাকী শিল্পীৰ কাম ক্ৰয় কৰাৰ জৰিয়তে সহযোগী শিল্পী গৰাকীক সমৰ্থন কৰিবলৈ ১০,০০০/- টকা ব্যৱহাৰ কৰিম।
পৰ্যায় ২
যদি আপোনাৰ ওচৰত ক্ৰেতাসকলৰ একাধিক অনুসন্ধান থাকে, আপোনাৰ ইমেইল বা প্ৰত্যক্ষ বাৰ্তা (ডিএম) পৰীক্ষণ কৰক, প্ৰথমে-অহা প্ৰথমে-পোৱাৰ ভিত্তিত বিক্ৰীৰ নিশ্চিতকৰণ প্ৰেৰণ কৰক৷ তেখেতসকলক ইমেইলত কওক যে কামটো মাত্ৰ এদিনৰ বাবে অপেক্ষাত থাকিব, যদি সেই সময়চোৱাৰ ভিতৰত ধনৰাশি পৰিশোধ কৰা নহয় তেন্তে সেয়া পৰৱৰ্তী আগ্ৰহী পক্ষলৈ অগ্ৰসৰ হ’ব।
কামটো ক’লৈ পঠিয়াব আৰু ক’ৰিয়াৰৰ মাচুলৰ পৰিমান জানি লওক, ক’ৰিয়াৰৰ মাচুল কিমান হ’ব সেই বিষয়ে ক্ৰেতাক জনাওক। এইখিনি কামটোৰ মূল্যৰ সৈতে যোগ হ’ব। তেওঁলোকে এবাৰ অনুমোদন দিয়াৰ পিচত আপোনাৰ বেংকৰ সবিশেষ বা গুগল পেৰ তথ্য তেওঁলোকলৈ পঠাওক যাতে তেওঁলোকে কামটো ক্ৰয় কৰাৰ বাবে ধনৰাশি স্থানান্তৰণ (ট্ৰেন্সফাৰ) কৰিব পাৰে।
যদি কোনো এটা কাম বিক্ৰী হয় আৰু আপোনাৰ ওচৰত একাধিক অনুসন্ধান থাকে, তেন্তে সেই অনুসন্ধানসমূহ ব্যৱহাৰ কৰি আপোনাৰ ওচৰত উপলব্ধ আন এটা কামৰ বিষয়ে জ্ঞাত কৰক - তেওঁলোকে হয়তো সেইটো ক্ৰয় কৰিবলৈ আগ্ৰহী হ’বও পাৰে!
পৰ্যায় ৩
ক্ৰেতাৰ পৰা টকা পোৱাৰ পিছত পেক কৰি কামটো ক্ৰেতাগৰাকীলৈ পঠাওক/ক’ৰিয়াৰ কৰক।
কেপচনটো সলনি কৰি “চ’ল্ড” শব্দটো অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক যাতে ক্ৰেতাসকলে যেতিয়া #ArtChainIndia-ত কোনো কাম বিচাৰে তেতিয়া তেখেতসকলে বৰ্তমান কি উপলব্ধ হৈ আছে সেয়া ক’ব পাৰে।
কামটো ক্ৰেতাগৰাকীৰ ঠিকনালৈ যোৱাৰ পথত থকাৰ সময়ত লগতে ক্ৰেতাগৰাকীক ক’ৰিয়ৰৰ বিষয়ে যিকোনো তথ্য জনাওঁক যাতে তেখেতসকলে পেকেজটো অনুসৰণ (ট্ৰেক) কৰাত সহায় হয়।
পৰ্যায় ৪
আপোনাৰ ৫০,০০০/- টকা পৰ্যন্ত উপাৰ্জন হোৱাৰ পিচত, ১০,০০০/- টকা ব্যৱহাৰ জৰিয়তে আন এগৰাকী শিল্পীৰ কাম ক্ৰয় কৰি সমৰ্থনৰ শৃংখলটো অব্যাহত ৰাখক। এইটো বিশ্বাস আৰু উদাৰতাৰ ওপৰত ভিত্তি কৰি কৰা হয়।
আপুনি লগতে তেওঁলোকৰ কামৰ বিষয়ে আপোনাৰ পেজটোত পোষ্ট কৰাৰ লগতে ইয়াৰ সৈতে শিল্পীগৰাকীক টেগ কৰিব পাৰে। মৰমখিনি ভগাই লওঁক!