আৰ্ট চেইন ইণ্ডিয়া

ৰিভিউ চেইন︎


ভাৰতত সকলো ধাৰাত কাম কৰা পৰিবেশন কলা/দৃশ্য শিল্পীৰ বাবে গণতান্ত্ৰিক সমনীয়া-সমৰ্থন আন্দোলন।


#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক



অংশগ্ৰহণৰ উপায়সমূহ (প্ৰতিষ্ঠিত শিল্পীসকলৰ বাবে)



পৰ্যায় ১

ফেচবুক বা ইনষ্টাগ্ৰামত আপুনি বিক্ৰী কৰিব বিচৰা আপোনাৰ কামটোৰ এখন ছবি পোষ্ট কৰক, পোষ্টটোত @ArtChainIndia টেগ কৰক, তাৰ পিছত 🔗ইম’জি-ৰে আৰম্ভ হোৱা কেপচনটোৰ পিছত কামটোৰ সবিশেষ, এগৰাকী ক্ৰেতাই আপোনাৰ ওচৰত কেনেদৰে উপস্থিত হ’ব পাৰে সেই বিষয়েও উল্লেখ কৰক।

ইয়াত এটা উদাহৰণ দিয়া হ’লঃ





🔗

শিৰোনামা :

মাধ্যম :

আয়তন (চে.মি. বা ইঞ্চিত)-

মূল্য (টকাত)-

সংস্কৰণঃ

এই কামটো ক্ৰয় কৰিবলৈ আগ্ৰহী হ'লে অনুগ্ৰহ কৰি মোক ডিএম কৰক অথবা মোক ইমেইল কৰক (আপোনাৰ ইমেইলৰ ঠিকনা সন্নিবিষ্ট কৰক)।

এই কাম #artchainindia-ৰ এটা অংশ

মই মোৰ দ্বাৰা ১০,০০০/- টকা বা তাৰ তলৰ মূল্যত তৈয়াৰ কৰা কাম শ্বেয়াৰ কৰিম৷ প্ৰতিবাৰেই মই ৫০,০০০/- টকাত উপনীত হোৱাৰ পিছত #artchainindia হেচটেগৰ অধীনত বিদ্যমান এগৰাকী শিল্পীৰ কাম ক্ৰয় কৰাৰ জৰিয়তে সহযোগী শিল্পী গৰাকীক সমৰ্থন কৰিবলৈ ১০,০০০/- টকা ব্যৱহাৰ কৰিম।

বিকল্পভাৱে, আপুনি আপোনাৰ কামটো নিয়মীয়া মূল্যতো ৰাখিব পাৰে, এই ক্ষেত্ৰত #artchainindia হেচটেগ ব্যৱহাৰ নকৰি #SupportArtChainIndia ব্যৱহাৰ কৰিব লগতে আপোনাৰ উপাৰ্জনৰ অতিকমেও ২০% ব্যৱহাৰ কৰি #ArtChainIndia-ৰ অধীনত বিক্ৰী কৰা আগন্তুক শিল্পীসকলৰ পৰা কৰ্মসমূহ ক্ৰয় কৰাৰ বাবে মনস্থ কৰিব পাৰে।


পৰ্যায় ২

যদি আপোনাৰ ওচৰত ক্ৰেতাসকলৰ একাধিক অনুসন্ধান থাকে, আপোনাৰ ইমেইল বা প্ৰত্যক্ষ বাৰ্তা (ডিএম) পৰীক্ষণ কৰক, প্ৰথমে-অহা প্ৰথমে-পোৱাৰ আধাৰত বিক্ৰীৰ নিশ্চিতকৰণ প্ৰেৰণ কৰক৷ তেখেতসকলক ইমেইলত কওক যে কামটো মাত্ৰ এদিনৰ বাবে অপেক্ষাত থাকিব, যদি সেই সময়চোৱাৰ ভিতৰত ধনৰাশি পৰিশোধ কৰা নহয় তেন্তে সেয়া পৰৱৰ্তী আগ্ৰহী পক্ষলৈ অগ্ৰসৰ হ’ব।

কামটো ক’লৈ পঠিয়াব আৰু ক’ৰিয়াৰৰ মাচুলৰ পৰিমান জানি লওক, ক’ৰিয়াৰৰ মাচুল কিমান হ’ব সেই বিষয়ে ক্ৰেতাক জনাওক। এইখিনি কামটোৰ মূল্যৰ সৈতে যোগ হ’ব। তেওঁলোকে এবাৰ অনুমোদন দিয়াৰ পিচত আপোনাৰ বেংকৰ সবিশেষ বা গুগল পেৰ তথ্য তেওঁলোকলৈ প্ৰেৰণ কৰক যাতে তেওঁলোকে কামটো ক্ৰয় কৰাৰ বাবে ধনৰাশি স্থানান্তৰণ (ট্ৰেন্সফাৰ) কৰিব পাৰে।

যদি কোনো এটা কাম বিক্ৰী হয় আৰু আপোনাৰ ওচৰত একাধিক অনুসন্ধান থাকে, তেন্তে সেই অনুসন্ধানসমূহ ব্যৱহাৰ কৰি আপোনাৰ ওচৰত উপলব্ধ অন্যান্য কামৰ বিষয়ে জ্ঞাত কৰক - তেওঁলোকে হয়তো সেইটো ক্ৰয় কৰিবলৈ আগ্ৰহী হ’বও পাৰে!


পৰ্যায় ৩

ক্ৰেতাৰ পৰা টকা পোৱাৰ পিছত পেক কৰি কামটো ক্ৰেতাগৰাকীলৈ পঠাওক/ক’ৰিয়াৰ কৰক।

কেপচনটো সলনি কৰি “চ’ল্ড” শব্দটো অন্তৰ্ভুক্ত কৰাটো নাপাহৰিব যাতে ক্ৰেতাসকলে যেতিয়া #ArtChainIndia-ত বা #SupportArtChainIndia কোনো কাম বিচাৰে তেতিয়া তেখেতসকলে বৰ্তমান কি উপলব্ধ হৈ আছে সেয়া গম পায়।

কামটো ক্ৰেতাগৰাকীৰ ঠিকনালৈ যোৱাৰ পথত থকাৰ বিষয়ে লগতে ক্ৰেতাগৰাকীক ক’ৰিয়ৰৰ বিষয়ে যিকোনো তথ্য জনাওঁক যাতে তেখেতসকলে পেকেজটো অনুসৰণ (ট্ৰেক) কৰাত সহায় হয়।


পৰ্যায় ৪

আপোনাৰ ৫০,০০০/- টকা পৰ্যন্ত উপাৰ্জন হোৱাৰ পিচত, আন এগৰাকী শিল্পীৰ কাম ১০,০০০/- টকা ব্যৱহাৰ জৰিয়তে ক্ৰয় কৰি সমৰ্থনৰ শৃংখলটো অব্যাহত ৰাখক। এইটো বিশ্বাস আৰু উদাৰতাৰ ওপৰত ভিত্তি কৰি কৰা হয়।

বা আপুনি যদি আপোনাৰ কামটো নিয়মীয়া মূল্যত বিক্ৰী কৰে তেনেহ’লে #artchainindia-ৰ অধীনৰ অন্যান্য শিল্পীসকলক সমৰ্থন কৰাৰ বাবে আপোনাৰ উপাৰ্জনৰ অতিকমেও ২০% ব্যৱহাৰ কৰক৷

আপুনি লগতে তেওঁলোকৰ কামৰ বিষয়ে আপোনাৰ পেজটোত পোষ্ট কৰাৰ লগতে ইয়াৰ সৈতে শিল্পীগৰাকীক টেগ কৰিবওঁ পাৰে। মৰমখিনি ভগাই লওঁক!


আপুনি আমাৰ এই বিপ্লৱক আপুনি সমৰ্থন কৰিব পৰা অন্যান্য পথসমূহ

আপুনিও #ArtChainIndia-ত উপলব্ধ সেই শিল্পকলাসমূহৰ ভিতৰৰ আপোনাৰ ভাল লগা শিল্পকৰ্মটো ক্ৰয় কৰি আপোনাৰ প্লেটফৰ্ম (ইনষ্টাগ্ৰাম বা ফেচবুক পেজসমূহ) ব্যৱহাৰ কৰি বিপ্লৱটো শ্বেয়াৰ আৰু সমৰ্থন কৰি পীৰ-সমৰ্থক হৈ পৰিব পাৰে৷

আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলকো একে কাম কৰিবলৈ আপুনি উৎসাহিত কৰিব পাৰে।